গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । ধন দিব নোৱাৰাৰ বাবেই বৃদ্ধ পিতৃ-মাতৃক অকথ্য নিৰ্যাতন পুত্ৰ-বোৱাৰীৰ । অৱশেষত ধন দিব নোৱাৰাৰ বাবেই নিসহায়, বৃদ্ধ পিতৃ-মাতৃক উলিয়াই দিলে ঘৰৰ পৰা ।
পুত্ৰ ৰামু শৰ্মা, বোৱাৰী ৰূপা শৰ্মাৰ বিৰুদ্ধে অভিযোগ এই অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিত পিতৃ-মাতৃয়ে । এই ঘটনাটো সংঘটিত হৈছে কাহিলীপাৰা পাহাৰতলীত । আনহাতে, ঘটনাটোক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
উল্লেখ্য যে, চলিত মাহৰ ৬ তাৰিখে পুত্ৰ বোৱাৰীয়ে একাংশ লোকৰ সহযোগত বৃদ্ধ পিতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। উপায়হীনহৈ বৃদ্ধ পিতৃয়ে মালিগাঁওৰ জ্যেষ্ঠ জীয়ৰীৰ ঘৰত আশ্ৰয় লয়।
জানিব পৰা মতে, জ্যেষ্ঠ জীয়ৰীৰ ঘৰত গৈ ও মাটি আৰু ধন বিচাৰি নিৰ্যাতন চলায় পিতৃৰ ওপৰত । লগতে শুকুৰবাৰৰ দিনাও জ্যেষ্ঠ জীয়ৰীয়ে পিতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে।
মানৱদৰদী ৰাতুল ডেকাই বৃদ্ধগৰাকীক চমজাই দিয়ে গীতানগৰ আৰক্ষীক।
- Log in to post comments