প্ৰথমে প্ৰেম, তাৰ পাছত... যুৱতীৰ প্ৰতাৰণা। প্ৰেয়সীৰ ব্লেকমেইলিঙত সকলো শেষ যুৱকৰ....

love affairs

প্ৰথমে প্ৰেম, তাৰ পাছত যুৱতীৰ প্ৰতাৰণা। প্ৰেয়সীৰ ব্লেকমেইলিঙত সকলো শেষ যুৱকৰ। 

প্ৰেয়সীৰ অভিযোগ...অন্তৰংগ মুহুৰ্তৰ ফটো ভাইৰেল কৰিছে যুৱকে। আনহাতে, হাতত হেণ্ডকাফ লগোৱা প্ৰেমিকৰ দাবী-১২ লাখ টকা লুটিলে প্ৰেয়সীয়ে। এই ঘটনা গুৱাহাটী মহানগৰীৰ। 

যুৱতী গৰাকীৰ ভাষ্য অনুসৰি, যুৱতী গৰাকীৰ অশ্নীল ফটো ভাইৰেলৰ ভাবুকি দিছিল প্ৰেমিকে। সেয়েহে অসহায় হৈ পৰা যুৱতী কাষ চাপিল আৰক্ষীৰ। অভিযোগ প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে। আৰু সেই অভিযোগৰ ভিত্তিতে  লতাশীল আৰক্ষীৰ জালত  পৰিল যুৱক। যুৱক তথা প্ৰাক্তন প্ৰেমিক জনৰ নাম মুনিৰ ৰহমান। মুনিৰ মহানগৰীৰ হেদায়েতপুৰৰ বাসিন্দা। আৰু নিজ ঘৰৰ পৰাই শুকুৰবাৰে পুৱাতেই লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুনিৰ ৰহমানক। 

লতাশিল থানা চৌহদত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুনিৰ ৰহমানৰ ভয়ংকৰ অভিযোগ। মুনিৰ ৰহমানৰ অভিযোগ তেঁওৰ পৰা হেনো আজি অলপ কালি অলপকৈ ১২ লাখ টকা লৈছিল শিৱসাগৰৰ যুৱতীগৰাকীয়ে। প্ৰথমে টকা ঠিকেই লৈছিল, কিন্তু সময় পাৰ হৈ গৈ থকাত প্ৰেমিকে পাবলগীয়া ধনৰ কথা সুধিবলৈ ধৰিলে... আৰু তেতিয়াই আৰম্ভ হ'ল অথন্তৰ। যুৱকৰ মতে যুৱতীয়ে ধন ঘূৰাই নিদিয়াৰ ভাবুকি দিলে প্ৰেমিকক।

তাৰ পিছতে আৰম্ভ হ'ল সংঘাতৰ। প্ৰেমৰ সম্পৰ্ক তিক্ত হৈ পৰিল। ইজনে সিজন নহ'লে জীয়াই থাকিব নোৱাৰা পৰিৱেশৰ পৰা ইজনে-সিজনৰ পৰা মুক্ত হ'বলৈ হাহাকাৰ লগালে। প্ৰেয়সীকাষ চাপিছিল আৰক্ষীৰ। পূৰ্বেও লতাশীল আৰক্ষীৰ ওচৰত যুৱতীগৰাকীক অশান্তি নকৰো বুলি  লিখিতভাৱে জনাইছিল যুৱকজনে।

কিন্তু পুনৰ আৰম্ভ হ'ল ধন বিচাৰি ফোন। সেয়ে পুনৰ একেই ভাবুকি দিয়াত  অৱশেষত যুৱতীগৰাকী কাষ চাপে লতাশীল আৰক্ষীৰ। আৰক্ষীয়েও আটক কৰিলে যুৱতীগৰাকীক। সম্প্ৰতি লতাশীল আৰক্ষীৰ জালত  মুনিৰ ৰহমান। পিছে প্ৰশ্ন হৈছে কোন সঁচা, কোন মিছা? আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। 
 

Category