সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা! কৰ্তব্যৰত অৱস্থাত কোনো বিষয়াক আটক কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক....

Supreme Court

সৰ্বোচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। কৰ্তব্যৰত অৱস্থাত কোনো বিষয়াৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগত আটক বা গোচৰ চলাবলৈ হ’লে বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়দান। 

অন্ধ্ৰপ্ৰদেশৰ এজন বিষয়াক EDএ অবৈধ ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। ৰায়দানটোত CRPCৰ ধাৰা 197(1)ৰ অধীনত চৰকাৰী বিষয়া আৰু ন্যায়পালিকাৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদনৰ প্ৰয়োজনীয়তা দোহাৰে। 

PMLAৰ অধীনতো এই ব্যৱস্থা বাহাল আছে বুলি সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দানটোত উল্লেখ কৰে। বুধবাৰে ন্যায়াধীশ অভয় এছ অ’ক আৰু ন্যায়াধীশ এ জে মছিহৰ বিচাৰপীঠে EDৰ প্ৰত্যাহ্বানৰ গোচৰটো খাৰিজ কৰে। 

Category