'বিভ্ৰান্তিকৰ বিজ্ঞাপন'ক লৈ পতঞ্জলিক জাননী জাৰি উচ্চতম ন্যায়ালয়......

ram dev

২০২৪ৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক ঔষধৰ বিষয়ে বিজ্ঞাপনত মিছা আৰু বিভ্ৰান্তিকৰ দাবী নকৰিবলৈ সকীয়াই দিছিল। তাৰ পাছতো গুৰুত্ব দিয়া নাছিল পতঞ্জলিৰ জন্মদাতা ৰামদেৱৰ লগতে সহস্ৰস্বত্বাধিকাৰীসকলে। পতঞ্জলি আয়ুৰ্বেদৰ "বিভ্ৰান্তিকৰ আৰু ভুৱা" বিজ্ঞাপনৰ গোচৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে।

লগতে, উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, "চৰকাৰে চকু মুদি বহি আছে। এনে বিজ্ঞাপনৰ জৰিয়তে সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে। এয়া অতি দুৰ্ভাগ্যজনক। চৰকাৰে তাৎক্ষণিকভাৱে কিছু ব্যৱস্থা ল'ব লাগিব"।

উল্লেখ্য যে, বিচাৰপীঠে কোম্পানীটোক নিৰ্দেশ দিয়ে যে "তেওঁলোকৰ ঔষধৰ সকলো বৈদ্যুতিক আৰু ছপা বিজ্ঞাপনত বিভ্ৰান্তিকৰ তথ্য তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰক"। যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদক তেওঁলোকৰ ঔষধৰ বিষয়ে বিজ্ঞাপনত মিছা আৰু বিভ্ৰান্তিকৰ দাবী নকৰিবলৈ সকীয়াই দিছিল। 

তাৰ পাছতো কোনা পদক্ষেপ নোলোৱাত কালি উচ্চতম ন্যায়ালয়ে 'বিভ্ৰান্তিকৰ বিজ্ঞাপন'ক লৈ পতঞ্জলিক জাননী জাৰি কৰে।

Category
Profile picture for user UB Photos