নৃশংস! শিশুৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্যা এটা পাষণ্ডৰ.....

Murder

পবিত্ৰ গণেশ চতুৰ্থীৰ দিনাই সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এই নাৰকীয় হত্যকাণ্ড সংঘটিত হৈছে মৰিগাঁও পচতিয়া উষা চাৰিআলিত। খবৰ অনুসৰি এমহীয়া শিশুৰ মাতৃক ধৰ্ষণ কৰি হত্যা কৰিছে কোনো অচিনাকী দুৰ্বৃত্তই। মঙলবাৰে পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ডটো। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

murder case

উল্লেখ্য যে, অমহীয়া সন্তানৰ সন্মুখতে মহিলাগৰাকীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয়লোকে। মহিলাগৰাকীৰ স্বামী গুদামত নিশা গাৰ্ড হিচাপে থকা সময়ত সংঘটিত হয় এই ঘটনা। আনহাতে, নিহত মহিলা গৰাকীৰ নাম নিকিতা দেৱী বুলি জানিব পৰা গৈছে।

murder case

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Category
Profile picture for user UB Photos