Sivsagar

ভোটদান চলি থকাৰ সময়তে শিৱসাগৰত এক অঘটন সংঘটিত হয়। নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে মৃত্যু এগৰাকী মহিলাৰ। ভোটদানৰ মাজতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ৰাইজৰ দলৰ কৰ্মী সংগীতা গগৈৰ

সামাজিক মাধ্যমৰ যোগে এই কথা জনালে অখিল গগৈয়ে। 

অখিল গগৈয়ে ফেচবুকত লিখিছে - "আমাৰ শিৱসাগৰ সমষ্টিৰ বানমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী  দীপক গগৈৰ পত্নী দলৰ সক্ৰিয় সদস্যা সংগীতা গগৈ ক্ষন্তেক সময়ৰ পূৰ্বে ৰাইজৰ দলৰ অফিচত বহি থকা অৱস্থাত হাৰ্ট এটেক হৈ মৃত্যু হয়।তেখেতক শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হ’মলৈ অনা হৈছিল যদিও তাৰ পূৰ্বে মৃত্যু হয়।সংগীতা গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।"