এদিনৰ বাবে জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে দশম শ্ৰেণীৰ এজন ছাত্ৰই; এয়া কোনো চিনেমাৰ কাহিনী নহয়, ই এক বাস্তৱ ঘটনা......

dc

অনিল কাপুৰে অভিনয় কৰা জনপ্ৰিয় হিন্দী ছবি‘নায়ক’ৰ কাহিনী সকলোৰে মনত আছে নিশ্চয়। সেই ‘নায়ক’ছবিখনৰ কাহিনীটোৰে বাস্তৱৰূপত দিয়া হৈছে এইখন অসমত । ‘নায়ক’ৰ দৰেই এদিনৰ কাৰণে জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে এজন দশম শ্ৰেণীৰ ছাত্ৰই।

dc

dc

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ ডিমৌৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়ে এদিনৰ বাবে শিৱসাগৰ জিলা আয়ুক্ত হিচাপে আজি দিনটোৰ বাবে দায়িত্ব গ্ৰহণ কৰে। শিৱসাগৰৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়ে আজি দেউৰীটিং চাহ বাগিচাৰ বৰলাইনৰ গৃহৰ পৰা আয়ুক্তৰ গাড়ীত উঠি আয়ুক্তৰ কাৰ্যালয়লৈ গৈ দিনটোৰ বাবে কাৰ্যালয়ৰ কাম কাজ চলাব।

dc

উল্লেখযোগ্য যে, অসম চৰকাৰৰ ‘আৰোহণ" আঁচনিৰ অধীনত এদিনৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা মেধাৱী ছাত্ৰগৰাকীৰ মেন্টৰ হিচাপে থাকিব জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।
 

Category
Profile picture for user UB Photos