ভগৱান সৃষ্টি সচাঁকৈয়ে অপূৰ্ব! আজি আমি আপোনালোকক ক'বলৈ লৈছো এডাল আশ্বৰ্যজনক তথা আপুৰুগীয়া গছৰ কথা। প্ৰায় বয়স ৬০০ বছৰৰো অধিক পুৰণি এই গছডাল। গছডালৰ নাম হৈছে বাখৰ বেঙেনা।
বাখৰ বেঙেনা।গছডালক লৈ আছে ভিন্ন জনৰ ভিন্ন মত। একাংশৰ মতে বৰাহী ৰজা মহামাণিক্যৰ দিনত চীন দেশৰ পৰা অনা এই বিশেষ পুলি ৰোপণ কৰা হৈছিল। আকৌ আন একাংশৰ মতে আহোম স্বৰ্গদেউ চুহুংমুংৰ দিনত চুতীয়া সকলক পৰাজিত কৰাৰ পাছত চুতীয়া সকলে কৰা সন্ধিত প্ৰদান কৰা বহু সামগ্ৰীৰ লগত এই গছজোপা প্ৰদান কৰা হৈছিল।
বিশ্বৰ ভিতৰতে আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য গছ৷ তগৰ গছৰ ফুলৰ দৰে পিচলা পাত, খহটা গছৰ ছাল আৰু আংশিক কাঁইটীয়া। বগা ফুলৰ মাজত আছে সোণালী গদাযুক্ত ৰঙচঙীয়া আঁকবাক। শিৱসাগৰ জিলাৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুংমুং গাঁৱৰ মাজত অৱস্থিত এই গছজোপাৰ নাম বাখৰ বেঙেনা।
অসমত সচৰাচৰ উৎপন্ন হোৱা গুল্ম জাতীয় গছৰ দৰেই গছজোপা। শুনিবলৈ আচৰিত হ'লেও আপুৰুগীয়া এই গছ জোপাৰ বয়স ৬০০ বছৰৰো অধিক। যোৱা ৬০০ বছৰেই বংশবৃদ্ধি নোহোৱাকৈ আছে গছজোপা৷ উল্লেখযোগ্য যে, ২০১৪ চনত লক্ষ্ণৌৰ বীৰবল চাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানিয়ে বাখৰ বেঙেনা গছৰ বয়স ৫৮০ বছৰ বুলি প্ৰমাণ কৰিছিল।
গুল্ম প্ৰজাতিৰ হোৱাৰ বাবেই বৃক্ষৰ তালিকাত স্থান পোৱা নাই এই গছজোপাই। কিন্তু ৬০০ বছৰীয়া ঐতিহ্যৰ সাক্ষী এইজোপা বৃক্ষই আনুষ্ঠানিকভাৱে তালিকাত স্থান নাপালেও কোনোদিনেই হ্ৰাস নহয় ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাস।
- Log in to post comments