বৰ্তমান সময়ত প্ৰায় সখ্যক মানুহেই মানসিক ভাৰসাম্যতা হেৰুৱাব ধৰিছে। বিভিন্ন অপকৰ্ম কৰিবলৈও যেন তেওঁলোকৰ গাৰ নোম শিয়ৰি নুঠে। বিগত সময়চোৱা তেনেকুৱা বহু ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। তথাপি যেন সচেতন নহয় আমাৰ সভ্য সমাজ। সচাঁ অৰ্থত ক'বলৈ গ'লে কি ক্ষেত্ৰতনো পিছপৰি আছে আমাৰ সমাজ, সেয়া এক ডাঙৰ প্ৰশ্ন?
এইবাৰ ৭ বছৰীয়া পুত্ৰক শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিলে নৃসংশ পিতৃয়ে। গাৰ নোম শিয়ঁৰি উঠা এক ঘটনা। পুত্ৰক হত্যা কৰি চৰম সিদ্ধান্ত বাছি ল'লে পিতৃয়ে। এই ঘটনা গহপুৰৰ সোলেঙীত।