গৰু আনিবলৈ গৈ উভতি নাহিল ঘৰলৈ, ভদীয়া বানে উটুৱাই লৈ গ’ল এজনক

Man dies after trapped in flood water in Gohpur

ক'ভিডৰ জটিল পৰিস্থিতিৰ সময়তে ৰাজ্যত ভদীয়া বানে ধৰিছে সংহাৰী ৰূপ। বানে এফালৰ পৰা উটুৱাই নিছে ঘৰ, পশুধন। হঠাতে অহা ভদীয়া বানে সৰ্বস্বান্ত কৰি তুলিছে ৰাজ্যবাসীক। কোনোবাই যদি ঘৰ হেৰুৱাইছে, কোনোবাই পশুধন, আন কোনোবাই আপোনজন।

ভদীয়া বানে প্ৰাণ কাঢ়িলে গহপুৰৰ এজন ব্যক্তিৰ। পানীত ইটি গৈ মৃত্যুক সাৱটিলে গহপুৰৰ এজন ব্যক্তিয়ে। 

ব্ৰহ্মপুত্ৰৰ‌ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত গহপুৰতো কাল ৰূপ ধাৰণ কৰিছে বানে। শনিবাৰে গহপুৰৰ বৰাচুকৰ প্ৰসন্ন বৰা নামৰ লোকজন গৰু আনিবলৈ যাওঁতে হঠাৎ পানী বৃদ্ধি পোৱাত পানীত উটি যায় লোকজন।‌ ৪৫ বছৰীয়া কৃষক প্ৰসন্ন বৰাৰ মৃতদেহটো দেওবাৰে পুৱা খাৰৈজানত উদ্ধাৰ হয়। প্ৰসন্ন বৰাৰ মৃত্যুত সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাঁ৷
 

Category
Profile picture for user UB Photos