চাঞ্চল্যকৰ, হৃদয় বিদাৰক! প্ৰথমে ৭ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা, তাৰ পিছতে চৰম সিদ্ধান্ত পিতৃৰ, কিয় এনে কৰিলে নিজ পিতৃয়ে....

gohpur

বৰ্তমান সময়ত প্ৰায় সখ্যক মানুহেই মানসিক ভাৰসাম্যতা হেৰুৱাব ধৰিছে। বিভিন্ন অপকৰ্ম কৰিবলৈও যেন তেওঁলোকৰ গাৰ নোম শিয়ৰি নুঠে। বিগত সময়চোৱা তেনেকুৱা বহু ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। তথাপি যেন সচেতন নহয় আমাৰ সভ্য সমাজ। সচাঁ অৰ্থত ক'বলৈ গ'লে কি ক্ষেত্ৰতনো পিছপৰি আছে আমাৰ সমাজ, সেয়া এক ডাঙৰ প্ৰশ্ন?

এইবাৰ ৭ বছৰীয়া পুত্ৰক শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিলে নৃসংশ পিতৃয়ে। গাৰ নোম শিয়ঁৰি উঠা এক ঘটনা। পুত্ৰক হত্যা কৰি চৰম সিদ্ধান্ত বাছি ল'লে পিতৃয়ে। এই ঘটনা গহপুৰৰ সোলেঙীত। 

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে পুত্ৰক হত্যা কৰি আত্মহত্যা পিতৃৰ। পাষাণ পিতৃৰ হাতত প্ৰাণ গ’ল ৭ বছৰীয়া পুত্ৰৰ। শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিছিল পুত্ৰক। পত্নী ঘৰত নথকাৰ সুযোগ লৈ হত্যাকাণ্ড।

আনহাতে, পুত্ৰক হত্যা কৰি পলায়ন কৰিছিল পিতৃ মৃগাংক শইকীয়াই। আজি পুৱা উদ্ধাৰ হত্যাকাৰী মৃগাংক শইকীয়াৰ মৃতদেহ। বড়িগাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ চাঁদত চিপ লৈ আত্মহত্যা। বৰ্তমানো সন্ধান নাই মৃগাংকই লৈ যোৱা স্কুটীৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Category