City Police

গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত জঘন্য দলবদ্ধ বলাৎকাৰৰ মূল অভিযুক্তক এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত নিহত বিকি আলী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় বিকি।

অৱশ্য়ে এতিয়াও পলাতক হৈ আছে আন চাৰি অভিযুক্ত। বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে বিকিৰ মৃতদেহ। উল্লেখযোগ্য যে মঙলবাৰে কামৰূপৰ দামপুৰ পাহাৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিকি আলীক।