হেলমেট উলংঘনকলৈ অধিক সৰব হৈছে মহানগৰ আৰক্ষী। বুধবাৰে গুৱাহাটী আৰক্ষীয়ে জনাই যে হেলমেট পৰিধান নকৰা মুঠ ৮,১২৭ জন উলংঘনকাৰীৰ পৰা বিহা হৈছে জৰিমনা।
টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে লিখিছে, "মাননীয় মুখ্যমন্ত্ৰী @himantabiswa নিৰ্দেশ অনুসৰি, আমাৰ নাগৰিকৰ সুৰক্ষাৰ বাবে হেলমেট সম্পৰ্কীয় উলংঘনৰ বাবে মুঠ ৮,১২৭ জন উলংঘনকাৰীক জৰিমনা বিহা হৈছে। ৰাস্তাবোৰ সকলোৰে বাবে সুৰক্ষিত নোহোৱালৈকে আমাৰ অভিযান অব্যাহত থাকিব। আপুনি গাড়ী চলাওঁতে বা বাইক/স্কুটিত পিলিয়ন চলাওঁতে অনুগ্ৰহ কৰি হেলমেট পিন্ধিব।"
As directed by Hon CM @himantabiswa, for safety of our citizens, a total of 8,127 violators have been fined for helmet related violations.
— Guwahati Traffic Police (@GhtyTrafficPol) December 15, 2021
Our drive will continue until roads are safe for everyone. Please wear a helmet when you drive or ride pillion on a 🏍/🛵#HelmetsSaveLives pic.twitter.com/mtMdksdfXB
গুৱাহাটীত, কামৰূপ (মেট্ৰ) জিলা পৰিবহণ কাৰ্যালয়ে (ডিটিঅ') দুচকীয়া বাহনত দুয়োজন আৰোহীয়ে হেলমেট পিন্ধিব লগা নিয়মবোৰ বলবৎ কৰে। এই নতুন নিয়ম ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল।
নিয়মবোৰ কঠোৰভাৱে বলবৎ হোৱাটো নিশ্চিত কৰিবলৈ আৰক্ষী বিভাগে গুৱাহাটীত যান-বাহন উলংঘনকাৰীসকলৰ ওপৰত অভিযান অব্যাহত ৰাখিব।
- Log in to post comments