৭৫বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে ৭৫ সংখ্যক জন্মদিন উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীৰ।জন্মদিন উপলক্ষে বিভিন্নজনে শুভেচ্ছাৰে ওপচাই তুলিছে প্ৰধানমন্ত্ৰীগৰাকীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও তেওঁলৈ ফোনযোগে বাৰ্তালাপত কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জনাইছে বিশ্বৰ কেইবাগৰাকীও ৰাষ্ট্ৰনেতাই।
মোদীৰ জন্মদিন উপলক্ষে ডুবাইৰ আইকনিক বুৰ্জ খলিফাত জন্মদিনৰ শুভবাৰ্তা ।
৮২৮ মিটাৰ দৈৰ্ঘ্যৰ আধুনিক অভিযান্ত্ৰিক আশ্চৰ্য বুৰ্জ খলিফাত ‘Service is the resolve’, ‘India first the inspiration’ ইত্যাদি বাৰ্তা প্ৰদৰ্শন কৰা হয়।