সলনি হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা। ১৯৪৭চনৰ পাছত প্ৰথমবাৰৰ বাবে সলনি হ’বলৈ গৈ আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। চাউথ ব্লকৰ সলনি অচিৰেই নতুন স্থানলৈ স্থানান্তৰ হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰা হ’ব।
নতুন কাৰ্যালয়ৰ কাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বৰ্তমান চাউথ ব্ল’কত অৱস্থিত। ইংৰাজৰ দিনৰে এই চাউথ ব্লক আৰু নৰ্থ ব্লকৰ অট্টালিকাবোৰত স্থানৰ খুবেই অভাৱ.যাৰ বাবে কিছুমান বৰ্ধিত দপ্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে জড়িত কৰিব খুজিও পৰা নাই।
স্থানৰ নাটনি আৰু পুৰণি চৰকাৰী ভৱনসমূহত আধুনিক সা-সুবিধাৰ অভাৱ দূৰ কৰাৰ বাবে অত্যাধুনিক আৰু আহল-বহল এলেকাত এইবাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে. বিষয়াসকলে কয় যে নতুন কাৰ্যালয়ৰ প্ৰয়োজনীয়তাই ভাৰতৰ উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে আকাংক্ষাক প্ৰতিফলিত কৰিছে।এই নতুন কাৰ্যালয়ৰ সৈতে থাকিব সকলোবোৰ দপ্তৰৰ বিশেষ বিশেষ শাখা।
গৃহ পৰিক্ৰমা আৰু পাৰ্চনেল বিভাগৰ মন্ত্ৰালয় চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা কৰ্তব্য ভৱন-৩লৈ স্থানান্তৰ কৰা হৈছে।
উল্লেখ্য যে, কৰ্তব্য ভৱন উদ্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰ্যাপ্ত সুবিধা নথকাৰ কথা সকলোৰে সন্মুখত প্ৰকাশ কৰিছিল।
বিষয়াসকলে জনোৱা অনুসৰি, নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক নতুন নামেৰে নামকৰন কৰা হ’ব।
- Log in to post comments