অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।দুদিনীয়া ভ্ৰমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী।
শনিবাৰে দিনৰ ২.৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী৷ বিমানবন্দৰত নতুনকৈ নিৰ্মাণ কৰা টার্মিনেলটো উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈৰ ২১ ফুট উচ্চতাৰ এক প্রতিমূর্তিও উন্মোচন কৰিব মোদীয়ে। বিমান বন্দৰ চৌহদত অনুষ্ঠিত এক বিশাল জনসভাও সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে৷