মহানগৰীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। BLUE FILM নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনা গুৱাহাটী মহানগৰীত। মহানগৰীৰ বিলাসী হোটেলত মহানগৰ আৰক্ষীৰ অভিযান। এগৰাকী বাংলাদেশী যুৱতীৰে BLUE FILM নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনা ফাদিলৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য।
আৰক্ষীৰ জালত পৰিছে ৬ জনকৈ যুৱক আৰু এগৰাকী বাংলাদেশী যুৱতী। যুৱতীগৰাকীক BLUE FILMত অভিনয় কৰোৱাৰ অভিযোগ। দিছপুৰৰ লাষ্টগেটৰ এখন হোটেলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ হাতীগাঁৱৰ জাকিৰ নামৰ এজন যুৱকে আনিছিল যুৱতীগৰাকীক। জাকিৰে যুৱতীগৰাকীক গতাই দিছিল জাহাংগীৰ আলম, ছফিকুল হকক আৰু যুৱতীগৰাকীৰ সৈতে আহিছিল বাংলাদেশৰ আন ৬ যুৱতী।