মহানগৰীত B*LU*E FILMৰ অভিনয়! আৰক্ষীৰ জালত ৬ যুৱক, এগৰাকী যুৱতী....

B*LU*E FILM

মহানগৰীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। BLUE FILM নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনা গুৱাহাটী মহানগৰীত। মহানগৰীৰ বিলাসী হোটেলত মহানগৰ আৰক্ষীৰ অভিযান। এগৰাকী বাংলাদেশী যুৱতীৰে BLUE FILM নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনা ফাদিলৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। 

আৰক্ষীৰ জালত পৰিছে ৬ জনকৈ যুৱক আৰু এগৰাকী বাংলাদেশী যুৱতী। যুৱতীগৰাকীক BLUE FILMত অভিনয় কৰোৱাৰ অভিযোগ। দিছপুৰৰ লাষ্টগেটৰ এখন হোটেলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ হাতীগাঁৱৰ জাকিৰ নামৰ এজন যুৱকে আনিছিল যুৱতীগৰাকীক। জাকিৰে যুৱতীগৰাকীক গতাই দিছিল জাহাংগীৰ আলম, ছফিকুল হকক আৰু যুৱতীগৰাকীৰ সৈতে আহিছিল বাংলাদেশৰ আন ৬ যুৱতী।

ইতিমধ্যেই, সেই ৬ যুৱতীক প্ৰেৰণ কৰা হয় হায়দৰাবাদলৈ। বাংলাদেশৰ পৰা মেঘালয় হৈ অসমত প্ৰৱেশ কৰিছিল ৭ যুৱতী

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাংলাদেশী যুৱতীগৰাকীক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে ৬জনকৈ যুৱক। গ্ৰেপ্তাৰ জাহাংগীৰ আলম আৰু ছফিকুল হকক। যুৱতী যোগানকাৰী জাকিৰ বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে। আন ৬গৰাকী যুৱতীৰ সৈতে ভুক্তভোগী যুৱতীগৰাকীক কৌশলেৰে অনা হৈছিল বাংলাদেশৰ পৰা অসমলৈ। 

ঘটনা সন্দৰ্ভত তদন্তত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া। দিছপুৰ আৰক্ষীৰ জিম্মাত আছে বাংলাদেশৰ যুৱতীগৰাকী। বিদেশী ন্যায়াধীকৰণেৰে যোগাযোগ মহানগৰ আৰক্ষীৰ।

Category