চৰাইদেউ জিলাৰ দ’লবাগান তিনিআলিত শোকাৱহ দুৰ্ঘটনা৷

accident

বৃহস্পতিবাৰে নিশা চৰাইদেউ জিলাৰ দ’লবাগান তিনিআলিত শোকাৱহ দুৰ্ঘটনা৷ সোণাৰিৰ দিশৰ পৰা শিৱসাগৰ দিশত আহি থকা এখন মটৰচাইকেলে মহতীয়াই নিলে এজন ব্যক্তিক। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী আৰু আনজনক লাকুৱাৰ মডেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োজনৰ মৃত্যু হয় ।মৃত ব্যক্তি দজন ক্ৰমে দ'লবাগানৰ চিৰাজ আলি(৪৬) ,আনজন সোণাৰিৰ যুৱক চাহিদ হুছেইন (২১) বুলি জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনাত আহত বাইক চালক মাৰোফ আহমেদ গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন ৷ দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল খন নম্বৰ As-33D3589 বুলি জানিব পৰা গৈছে ৷

Category