Parliament

শীতকালীন অধিৱেশনত চলিছে নিলম্বনৰ জোৱাৰ। সংসদৰ শীতকালীন অধিৱেশনৰ মঙলবাৰৰ দিনটোত লোকসভাৰ অন্য ৪৯ গৰাকী সাংসদক নিলম্বন কৰা হয়।

এওঁলোকৰ ভিতৰত NATIONAL CONFERENCE ৰ ফাৰুক আব্দুলা, কংগ্ৰেছৰ শশী থাৰুৰ, মণীষ তিৱাৰী, কাৰ্তি ছিদাম্বৰম আৰু NCPৰ সুপ্ৰিয়া চুলেও আছে। 

এই ৪৯গৰাকীক লৈ এইবাৰৰ সংসদৰ শীতকালীন অধিৱেশনত সৰ্বমুঠ ১৪১গৰাকী সাংসদক নিলম্বন কৰা হৈছে। ইয়াৰে ভিতৰত লোকসভাৰ ৯৫গৰাকী আৰু ৰাজ্যসভাৰ ৪৬গৰাকী সাংসদ আছে। 

উল্লেখ্য যে ডিচেম্বৰ ১৩ তাৰিখে কেইবাগৰাকীমান যুৱক যুৱতীয়ে সংসদ ভৱনত প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।