শীতকালীন অধিৱেশনত একেৰাহে ৫ দিন উত্তাল সদন
লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভৰ লগে লগে বিৰোধীৰ হুলস্থুল
WE WANT JUSTICE শ্লোগানেৰে উত্তাল সদন
বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশত প্ৰথমে সদন স্থগিত দিনৰ ১২ বজালৈ
পৰিস্থিতি উত্তপ্ত হৈ থকাত দিনটোৰ বাবে স্থগিত সদনৰ কাৰ্যক্ৰমণিকা
ৰাজ্যসভাতো ১৫ মিনিটৰ কাৰ্যক্ৰমণিকাৰ পিছত উত্তাল পৰিৱেশ
ৰাজ্যসভাত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত
ভাৰতত সৌৰশক্তি প্ৰকল্পৰ ঠিকা লাভৰ বাবে ২২ শ কোটি উৎকোচ দিয়াৰ অভিযোগত আমেৰিকাৰ ফেডাৰেল ক’ৰ্টত গোচৰ ৰুজু হৈছিল গৌতম আদানীৰ বিৰুদ্ধে। আদানী গ্ৰীণ এনাৰ্জি কোম্পানীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দৰ্ভত গ্ৰেপ্তাৰী পৰোৱানাও জাৰি হৈছিল আদানী এণ্ড কোম্পানীৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে। ভাৰতত এই ঘটনাৰ পাছতেই মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ত তদন্তৰ বাবে দাখিল হৈছিল আবেদন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত SIT গঠনৰ লগতে CBI আৰু EDৰ দ্বাৰা তদন্ত ৰ দাবীত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল হৈছিল গোচৰ। সম্প্ৰতি আদানী প্ৰসংগত বিগত পাঁচদিন ধৰি সংসদৰ দুয়োখন সদনতে বিৰোধীয়ে আলোচনাৰ দাবী জনাই উত্তাল কৰি আহিছে সদন।
- Log in to post comments