ছেমি ফাইনেলত থমকিল ইণ্ডিয়া

India

আজি অনুষ্ঠিত হৈ যায় টী২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আজিৰ খেলখন। ইংলেণ্ডে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰাৰ সুবিধা দিয়ে। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ অতি সহজে বিজয়ী হয়। ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৬৩ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৫০ ৰাণ সংগ্ৰহ কৰে। পূৰ্বৰ দৰেই আজিৰ মেচখনত ব্যৰ্থ হয় অধিনায়ক কে এল ৰাহুল। সূৰ্য কুমাৰ যাদৱৰ বেটৰ পৰাও নাহিল অধিক ৰাণ। ইয়াৰ বিপৰীতে ১৬৯ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ইংলেণ্ডে ১৬ অভাৰতে এটাও উইকেট নেহেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ দুধৰ্ষ বেটছমেন জ’ছ বাটলাৰ আৰু এলেক্স হেলছে অপেনাৰ হিচাপে আৰম্ভ কৰা বেটিঙত অপৰাজিত হৈ এই যুঁটিয়ে অভূতপূৰ্ব প্ৰদৰ্শন কৰে। জ’ছ বাটলাৰে ৪৯ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এলেক্স হেলছে ৪৭ টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে ইংলেণ্ড ফাইনেলত প্ৰৱেশ কৰিছে আৰু এতিয়া টী২০ বিশ্বকাপ ফাইনেল পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।


 

Category
Profile picture for user UB Photos