এক মৰ্মান্তিক ঘটনা! সম্পূৰ্ণ এটা দিনৰ পিছত সন্ধান পোৱা গ'ল নে সন্ধানহীন ৮বছৰীয়া অবিনাশৰ নে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে?.....

abinash sarkar

এক কৰুণ ঘটনা! গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ বুকু কপিঁ উঠা এক ঘটনা। বৰ্তমান সমগ্ৰ অসম বানৰ গ্ৰাসত, যেনিএ চকু যায় তেনিএ যেন দুখ কুলাই পাচিৰে নধৰা অৱস্থা। 

গুৱাহাটী মহানগৰীত এজাক বৰষুণতে তথাকথিত কৃত্ৰিম বানপানীৰ কথা সকলোৱে জানে, এই কৃত্ৰিম বানপানীৰ সমস্যা যেন যুগ-যুগান্তৰৰ। এই সমস্যা কেতিয়া সমাধান হ'ব তাৰ উত্তৰ কাৰো হাতত নাই বুলি ক'লে মিছা কোৱা নহ'ব।

যোৱা বৃহস্পতিবাৰৰ মাজ নিশাৰ এক কৰুণ ঘটনা। মুষলধাৰ বৰষুণ, চাৰিওফালে কেৱল পানী আৰু পানী  তাৰ মাজতে সংঘটিত হ'ল শোকাৱহ ঘটনাটো। খবৰ আহিল মহানগৰীৰ তথাকথিত কৃত্ৰিম বানপানীত উটি গ'ল এটি ৮ বছৰীয়া কণমানি। কণমানিটোৰ নাম অবিনাশ সৰকাৰ। বামুণীমৈদামৰ জ্যোতিনগৰত সংঘটিত শোকাৱহ ঘটনা।

ঘটনাৰ বিবৰণ অনুসৰি, ৮ বছৰীয়া অবিনাশে নিশা প্ৰায় ৯ মান বজাত দেউতাৰ সৈতে বৰষুণৰ মাজত স্কুটিত উঠি দোকানৰ পৰা ঘৰলৈ বুলি গৈ আছিল আৰু তেনে সময়তে সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনাটো। ধাৰাসাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত পিতৃৰ সন্মুখতে শিশুটি উটি গৈছিল নলাত। আৰু নিমিষতে স্তব্ধ হৈ ৰৈছিল সকলোবোৰ। 

অবিনাশক বিচাৰি SDRF-প্ৰশাসনে শুকুৰবাৰে দিনযোৰা চলিছিল উদ্ধাৰ অভিযান আৰু এই অভিযানত উদ্ধাৰ হৈছিল অবিনাশৰ এপাত চেণ্ডেল। 

তাৰ পিছতো আজিও সন্ধান নাই ৮ বছৰীয়া কণমানি অবিনাশৰ। অবিনাশক বিচাৰি আজি পুনৰ SDRF-প্ৰশাসনৰ অভিযান। আজি স্নিফাৰ ডগৰ সহায়ত অভিযান চলাৰ সম্ভাৱনা। পথৰ কাষতে ওৰে নিশা কটালে অবিনাশৰ পিতৃয়ে 

লগতে, আয়ুক্তৰ নিৰ্দেশমৰ্মে পদপথৰ শ্লেট ভাঙি চলাইছিল অভিযান। কিন্তু সফল নহ’ল অভিযানকাৰী দল। দুৰ্ভগীয়া পিতৃয়ে নলাই নলাই চলোৱা অভিযানে হৃদয় কঁপাইছে সকলোৰে।
 

Category