মাজুলীৰ ৰাস মঞ্চত এইবাৰ নাৰী শক্তিৰ নতুন অধ্যায়!

মাজুলীৰ ৰাসত এইবাৰ কেৱল ভক্তি আৰু পৰম্পৰাই নহয়, গৰজি উঠিব নাৰী শক্তিও!

নাৰী হ'লেই যে কেৱল ৰাধা হ'ব লাগিব, এনে নহয়! নাৰীয়ে কংসও হ'ব পাৰে, চানুও হ'ব পাৰে! এইবাৰ মাজুলীৰ শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘৰ ৰাস মঞ্চত সম্পূৰ্ণ মহিলা ৰাস। যি মাজুলীৰ বোৱাৰীয়ে ৰাতিপুৱা চাহ , ভাত বনাই সেই বোৱাৰীয়েই ৰাতি ৰাস মঞ্চত কংস হৈ গৰজিব এইয়াই নাৰী শক্তি...

মাজুলী বুলিলেই আমাৰ মনলৈ আহে সত্ৰীয়া সংস্কৃতি, ভাওনা, ৰাস।

কিন্তু এইবাৰ মাজুলীৰ ৰাস মঞ্চত খলকনি উঠিব কাৰণ এইবাৰ ৰাস মঞ্চ কপাব মাজুলীৰ মহিলাই।

কংসৰ পৰা চানু-মুষ্টিকলৈকে, কৃষ্ণৰ পৰা বলোৰামলৈকে - সকলো ভাওঁত এইবাৰ ভাওঁ দিব মাজুলীৰ জীয়ৰী-বোৱাৰীয়ে।

শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘ ৰাস মঞ্চই আয়োজন কৰা এইবেলিৰ ৰাসোৎসৱত শেষৰ দিনা আয়োজন কৰা হৈছে এক বিশেষ আকৰ্ষণ - মহিলা ৰাসৰ।

এইবাৰ শ্ৰীৰাম আঞ্চলিক সংঘৰ মঞ্চত অন্তিম ৰজনীৰ ৰাসত দেখিবলৈ পোৱা যাব কেৱল মহিলাক। মঞ্চত থাকিব মহিলা, সংগীতত থাকিব মহিলা, আৰু অভিনয়তো থাকিব মহিলা।

পাকঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাৰী এতিয়া ওলাই আহিছে। পাকঘৰৰ পৰা পোনে পোনে ৰাস মঞ্চলৈ। কেৱল চাবলৈ নহয়, অভিনয় কৰিবলৈ।

ৰাসত পূৰ্বতে মহিলা সকলে কেৱল নাৰীৰ চৰিত্ৰতহে অভিনয় কৰিছিল। ৰাধা, গোপী, যশোদা - এই চৰিত্ৰবোৰতেই সীমাবদ্ধ আছিল তেওঁলোক।

কিন্তু সময় সলনি হ'ল। চিন্তাধাৰা সলনি হ'ল।

এইবাৰ তেওঁলোকে কেৱল নাৰীৰ চৰিত্ৰতে নহয়, পুৰুষৰ চৰিত্ৰতো অভিনয় কৰিব।

অত্যাচাৰী কংসৰ চৰিত্ৰতো দেখা যাব এগৰাকী মহিলাক। কংসৰ প্ৰধান সেনাপতি চানুৰ চৰিত্ৰতো ভাওঁ দিব মহিলাই। কৃষ্ণ, বলোৰাম, নন্দ, বসুদেৱ - সকলো চৰিত্ৰতেই জিলিকি উঠিব মাজুলীৰ নাৰী শক্তি।

দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি চলিছে আখৰা। ঘৰৰ কাম-বন সামৰি, ল'ৰা-ছোৱালীক চোৱা-চিতা কৰি, তেওঁলোকে সময় উলিয়াইছে ৰাসৰ আখৰাৰ বাবে।

কাৰোবাৰ হাতত অষ্ট, কাৰোবাৰ হাতত সংলাপৰ কাগজ। কোনোবাই কংসৰ গৰ্জনৰ অভ্যাস কৰিছে, কোনোবাই কৃষ্ণৰ বাঁহীৰ সুৰত নাচৰ অভ্যাস কৰিছে।

মাজুলীৰ এই মহিলাসকলে প্ৰমাণ কৰি দিলে - নাৰী কেৱল ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ জন্ম হোৱা নাই। নাৰীয়ে বিচাৰিলে মঞ্চও কপাব পাৰে, সমাজকো বাট দেখুৱাব পাৰে।

মাজুলীৰ ৰাস মানেই ভক্তি, মাজুলীৰ ৰাস মানেই পৰম্পৰা। আৰু এই পৰম্পৰাৰ মাজতে এইবাৰ সংযোজন হৈছে নাৰী শক্তিৰ এক নতুন অধ্যায়।

শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘৰ ৰাস মঞ্চৰ এই মহিলা ৰাসে যে মাজুলীৰ লগতে সমগ্ৰ অসমতে এক নতুন ইতিহাস ৰচিব, সেয়া নিশ্চিত।

Category