আজি ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। দেশৰ স্বাধীনতাৰ ইতিহাসৰ দৰেই গৌৰৱময় জাতীয় পতাকাৰ ইতিহাসো। আচলতে যিদিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল সেই দিনটো অৰ্থাৎ ১৫ আগষ্ট ১৯৪৭ত ত্ৰিৰংগা চৰকাৰীভাৱে ভাৰতৰ পতাকা হৈ উঠিল ।
ত্ৰিৰংগাৰ প্ৰতিটো ৰঙৰ আৰু প্ৰতীকৰ অৰ্থ আছে। ই দেশত প্ৰতিগৰাকী লোকৰ প্ৰতিনিধিত্ব কৰে, এয়া আমাৰ আত্মসন্মানৰ প্ৰতীক।
আজিৰ এই লিখনীত আমি ভাৰতৰ জাতীয় পতাকাৰে সম্বন্ধিত সকলো গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিম।
স্বাধীনতা পাবলৈ ভাৰতে বহু যুঁজ কৰিবলগীয়া হৈছিল। স্বাধীন হোৱাৰ পিছৰে পৰা, আমাৰ ত্ৰিৰংগা আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা মাজনিশা পৰম্পৰাৰে প্ৰথমে উত্তোলন কৰা হৈছিল।
ত্ৰিৰংগাৰ ৰঙৰ অৰ্থ -
ওপৰত গাঢ় গেৰুৱা - বীৰত্ব বা শক্তি আৰু সাহসৰ প্ৰতীক
মাজত বগা - শান্তি আৰু সত্যৰ প্ৰতীক
তলত গাঢ় সেউজীয়া - সমৃদ্ধি বা উৰ্বৰতা, ভূমিৰ বিকাশ আৰু শুভতাৰ প্ৰতীক
ঘন নীলা- প্ৰগতি আৰু আইনৰ চক্ৰৰ প্ৰতিনিধিত্ব কৰে
বৰ্তমান ভাৰতৰ জাতীয় পতাকা আনুভূমিকভাৱে তিনিটা সমান ভাগত বিভক্ত। ওপৰত গাঢ় গেৰুৱা, মাজত বগা আৰু তলত গাঢ় সেউজীয়া। বগাৰ ওপৰত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ।
কেতিয়া-কেতিয়া সলনি হৈছে আমাৰ জাতীয় পতাকা আৰু দেখাত কেনেকুৱা আছিল পতাকাখন ?
১. ১৯০৬চন
১৯০৬ চনত ভাৰতৰ প্ৰথমখন জাতীয় পতাকা উত্তোলন কৰা হয়। অৱশ্যে সেয়া চৰকাৰী জাতীয় পতাকা হিচাপে স্বীকৃত নাছিল। সেই বছৰৰে ৭ আগষ্টত কলকতাৰ পাৰছী বাগান স্কুৱেৰ (গ্ৰীণ পাৰ্ক)ত উত্তোলন কৰা হৈছিল ।
সেইখনো ত্ৰিৰঙী আছিল। কিন্তু সেইখনৰ ৰং আছিল ৰঙা, হালধীয়া আৰু সেইজীয়া। মাজৰ হালধীয়া ৰঙৰ মাজত দেৱনাগৰী লিপিৰে ‘বন্দে মাতৰম’ লিখা হৈছিল। সেউজীয়া ৰঙৰ অংশত আছিল ৮টা আধা ফুলা পদুম ফুল।
২. ১৯০৭ চন
১৯০৭ চনত পুনৰ সলনি হৈছিল ভাৰতৰ জাতীয় পতাকাৰ ৰূপ। বাৰ্লিন সমিতিৰ পতাকা, উত্তোলন কৰিছিল ভিকাজী কামাই।
৩. ১৯১৭ চন
১৯১৭ চনত হোম ৰুল আন্দোলনৰ সময়ছোৱাত ব্যৱহাৰ কৰা তৃতীখন পতাকা আছিল। ডাঃ এনী বেছেণ্ট আৰু লোকমান্য তিলকে গৃহ শাসন আন্দোলনৰ সময়ত এইখন উত্তোলন কৰিছিল।
৪. ১৯২১ চন
১৯২১ চনত অনানুষ্ঠানিকভাৱে গ্ৰহণ কৰা পতাকা। অখিল ভৰতীয় কংগ্ৰেছ কমিটী, যিয়ে ১৯২১ত এজন অন্ধৰ যুৱকে এই পতাকাখন প্ৰস্তুত কৰিছিল আৰু সেইখন গান্ধীজীৰ ওচৰলৈ লৈ যায়।
৫. ১৯৩১ চন
১৯৩১ চনত সকলো সংশোধনৰ পিছত অৱশেষত জাতীয় পতাকাখন প্ৰায় বৰ্তমানৰ ৰূপটো পায়। ৰঙা ৰংটো গাঢ় গেৰুৱালৈ সলনি হয়, হালধীয়া বগালৈ সলনি হয়। কেৱল সেউজীয়াটোহে বাকী থাকে। পিংগলী ভেংকায়াই পূৰ্বৰ পতাকাখন প্ৰস্তুত কৰে।
আগতে গ্ৰহণ কৰা পতাকাখনৰ “বন্দে মাতৰম”ৰ ঠাইত নতুন পতাকাৰ কেন্দ্ৰত আহিল গান্ধীজীৰ যঁতৰ। ইয়াৰ ৰঙৰ কোনো ধৰ্মীয় তাৎপৰ্য নাই।
৬. ১৯৪৭ চন
বৰ্তমানৰ জাতীয় পতাকাৰ যি ৰূপ সেয়া হৈছিল ১৯৪৭ৰ ২২ জুলাইত। এই সময়ত আন এটা সংশোধন ঘটিল। তেতিয়া স্বাধীন ভাৰতৰ জাতীয় পতাকাৰ কেন্দ্ৰলৈ অশোক চক্ৰ আহিল।
১৯৪৭ চনত গ্ৰহণ কৰা পতাকাখন ১৯৩১ত গ্ৰহণ কৰা পতাকাখনৰ দৰেই আছিল। ইয়াত ব্যতিক্ৰম আছিল সম্ৰাট অশোকৰ ধৰ্মচক্ৰ। ই পতাকাৰ মাজত মহাত্মা গান্ধীৰ যঁতৰৰ ঠাই লয়।
এইদৰেই আমাৰ স্বাধীন ভাৰতে লাভ কৰিছে জাতীয় পতাকা।
- Log in to post comments