গুৱাহাটীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা; ছুইচাইড নোট লিখি আত্মহত্যা ছাত্ৰৰ

guwahati news

গুৱাহাটীৰ বীৰকুছিত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা।

বীৰকুছিৰ সোণালী পথত ছাত্ৰৰ আত্মহত্যাৰ ঘটনা।

নিজ বাসগৃহৰ শোৱানি কোঠাত চিপ লৈ আত্মহত্যা একাদশ শ্ৰেণীৰ ছাত্ৰৰ।

মৃত ছাত্ৰজনৰ অভিজিত বড়ো(১৬) বুলি জানিব পৰা গৈছে।

ছাত্ৰজন শোৱনি কোঠাৰ পৰা উদ্ধাৰ হৈছে এখনি ছুইছাইড নোট।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছুইচাইড নোটখন। 

ছুইচাইড নোটত উল্লেখ  কৰা মতে, মেট্ৰিক পৰীক্ষাত আৰু ফুটবল খেলাত  আশাজনক ফলফল নোপোৱাৰ বাবে  কিশোৰ ছাত্ৰ গৰাকীয়ে এই চৰম পন্থা হাতত লয়।

উল্লেখ্য যে, এইবাৰ মেট্ৰিক পৰীক্ষাত ৭৯ শতাংশ নম্বৰ লৈ ছাত্ৰ জনে সুখ্যাতিৰে ঊত্তীৰ্ণ হৈছিল আৰু নাৰেংগীৰ কেন্দ্ৰীয় বিদ্যালয়ত একাদশ শ্ৰেণীত নাম ভৰ্ত্তি কৰিছিল ।

ঘটনাস্থলীত উপস্থিত হৈছে নুনমাটি আৰক্ষী আৰু আৰম্ভ কৰিছে তদন্ত।


 

Category