Veer Lachit Sena

গুৱাহাটীত গ্ৰেপ্তাৰ ৬ জনকৈ বীৰ লাচিত সেনাৰ সদস্য। জালুকবাৰী আৰক্ষীয়ে সংগঠনটোৰ মুখ্য সচিব, উপ-সভাপতিসহ ৪ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, শুকুৰবাৰে কামাখ্যাত পাৰ্কিঙক লৈ এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ অভিযোগত আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে। দেৱালয় পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে।

গ্ৰেপ্তাৰ মুখ্য সচিব বিকাশ বৰুৱা, উপ-সভাপতি তপন শৰ্মা, সদস্য মতিউৰ ৰহমান, ৰৱি দিহিঙীয়া,মনোজ ডেকা, বিক্ৰান্ত কলিতা। লগতে, নিশাই আটাইৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে আৰক্ষীয়ে।