Bulbuli Chorair juj

আকৌ বন্ধ হ'ব নেকি আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ? সুদীৰ্ঘ ৯ বছৰৰ পিছত ১৫ জানুৱাৰীত অনুষ্ঠিত হৈছিল হাজোৰ পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ আৰু  ১৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল আঁহতগুৰিৰ ম’হযুঁজ।

কিন্তু শেহতীয়াকৈ, পুনৰ আদালতৰ মজিয়া পালেগৈ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজৰ প্ৰসংগই। ম’হ যুঁজ-বুলবুলি যুঁজৰ বিৰোধীতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল People for the Ethical Treatment of Animals, INDIA চমুকৈ PETA India নামৰ সংস্থাটোৱে। বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে PETA INDIAৰ আৱেদন। আৰু আজি অনুষ্ঠিত হ’ব শুনানি।