সুদীৰ্ঘ ৯ বছৰৰ অন্তত বুলবুলি চৰাইৰ যুঁজ! বুলবুলি যুঁজলৈ সেউজ সংকেত ৰাজ্যিক কেবিনেটৰ...........

bulbuli brids fight

সুদীৰ্ঘ ৯ বছৰৰ অন্তত পুনৰ পঞ্চতীৰ্থ নগৰীত অনুষ্ঠিত হ’ব বুলবুলি চৰাইৰ যুঁজ। SOP অনুসৰি পৰম্পৰাগত বুলবুলি যুঁজ অনুষ্ঠিত কৰাক লৈ ৰাজ্যিক কেবিনেটে সেউজ সংকেত দিয়াৰ পিছতে আঁতৰিল প্ৰতিবন্ধকতা।

এইবাৰ মাঘত যুঁজিব বুলবুলিয়ে। বুলবুলি যুঁজলৈ সেউজ সংকেত ৰাজ্যিক কেবিনেটৰ। SOP অনুসৰি অনুষ্ঠিত হ’ব পৰম্পৰাগত বুলবুলি যুঁজ। কেবিনেটৰ অনুমোদনৰ পিছতে আনন্দমুখৰ হাজোবাসী।

বৃহস্পতিবাৰৰ কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। উল্লেখ্য যে ২০১৫ত বুলবুলি যুঁজত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়ালয়ে। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত এই পৰম্পৰাত সৃষ্টি হৈছিল প্ৰতিবন্ধকতাৰ। 

কিন্তু কেবিনেটে SOPত অনুমোদন দি বুলবুলি আৰু ম’হ যুঁজলৈ সেউজ সংকেত দিয়াৰ লগে লগেই কাৰ্যতঃ আঁতৰিল এই প্ৰতিবন্ধকতা। ইয়াৰ লগে লগেই আনন্দমুখৰ হৈ পৰে পঞ্চতীৰ্থ ভূমি হাজো। 

হয়গ্ৰীৱ মাধৱ মন্দিৰত ফটকা ফুটাই আনন্দ প্ৰকাশ হাজোবাসীৰ। ইয়াৰ পূৰ্বৰ কেবিনেটত SOP অনুসৰি আঁহতগুৰিৰ ম’হ যুঁজ অনুষ্ঠিত কৰাৰো দিছিল অনুমতি।

Category
Profile picture for user UB Photos