প্ৰসংগঃ মাঘৰ সংক্ৰান্তিত বুলবুলি চৰাইৰ যুঁজ! ন্যায়ালয়ক বুলবুলি চৰাইৰ যুঁজ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ আহ্বান..........

bulbuli brids fight

প্ৰসংগঃ মাঘৰ সংক্ৰান্তিত বুলবুলি চৰাইৰ যুঁজ
হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হয় বুলবুলি চৰাইৰ যুঁজ
২০১৫ চনৰ পৰা ন্যায়ালয়ে বন্ধ কৰি ৰাখিছে এই যুঁজ
ম’হ যুঁজো বন্ধ কৰিছিল ন্যায়ালয়ে
ৰাজ্যিক কেবিনেটত পুনৰ ম’হ যুঁজ অনুষ্ঠিত কৰাত অনুমতি
কেবিনেটৰ অনুমতিক প্ৰশংসা ৰাজ্যবাসীৰ
বুলবুলি চৰাইৰ যুঁজ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ আহ্বান

উল্লেখ্য যে, হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত ৰজা প্ৰমত্ত সিংহৰ দিনৰে অনুষ্ঠিত হৈ আহিছিল বুলবুলি চৰাইৰ খেল। কিন্তু ২০১৫ চনত ন্যায়ালয়ে বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰে। তেতিয়াৰে পৰা বন্ধ হৈ আছে ঐতিহাসিক ৰজাদিনীয়া এই পৰম্পৰা। 

ৰাজ্যিক কেবিনেটে মʼহ যুঁজ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে। কিন্তু ইয়াৰ বিপৰীতে মাঘৰ মকৰ সংক্ৰান্তিৰ দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ খেলক লৈ কোনো সিদ্ধান্ত নোলোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে।

হাজোবাসীৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ অনুৰোধ, বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰাক লৈও যাতে এক সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে।
 

Category
Profile picture for user UB Photos