আকৌ এটা নতুন মোৰ! জেলৰ ভিতৰৰ পৰাই পল্টন বজাৰ থানাত ডাঃ সংগীতা দত্তই দাখিল কৰিলে এজাহাৰ ।
উল্লেখ্য যে, তেওঁৰ মেনেজাৰ ৰিজু ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে গুৱাহাটীৰ চিকিৎসক মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই । সম্পত্তিৰ লোভতে মেনেজাৰ ৰিজু ৰয়ে শিশু দুটিক অত্যাচাৰ কৰি চিকিৎসক দম্পতীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। এই অভিযোগ উত্থাপন কৰি ডাঃ সংগীতা দত্তই ৰুজু কৰে এজাহাৰ। কিন্তু বৰ্তমানলৈ পল্টন বজাৰ আৰক্ষীয়ে পঞ্জীয়ন কৰা নাই গোচৰটো ।