জেলৰ ভিতৰৰ পৰাই “FIR” দাখিল ডাঃ সংগীতা দত্তৰ; পিছে কাৰ বিৰুদ্ধে দাখিল কৰিল "FIR"......

Sangita Dutta

আকৌ এটা নতুন মোৰ! জেলৰ ভিতৰৰ পৰাই পল্টন বজাৰ থানাত ডাঃ সংগীতা দত্তই দাখিল কৰিলে এজাহাৰ ।

উল্লেখ্য যে, তেওঁৰ মেনেজাৰ ৰিজু ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে গুৱাহাটীৰ চিকিৎসক মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই । সম্পত্তিৰ লোভতে মেনেজাৰ ৰিজু ৰয়ে শিশু দুটিক অত্যাচাৰ কৰি চিকিৎসক দম্পতীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। এই অভিযোগ উত্থাপন কৰি ডাঃ সংগীতা দত্তই ৰুজু কৰে এজাহাৰ। কিন্তু বৰ্তমানলৈ পল্টন বজাৰ আৰক্ষীয়ে পঞ্জীয়ন কৰা নাই গোচৰটো ।

Sangita Dutta

উল্লেখযোগ্য যে ‘তোলনীয়া’ কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ চিকিৎসক মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলাম এতিয়াও কাৰাবন্দী । গুৱাহাটীৰ মণিপুৰী বস্তিত থকা নিজা বাসগৃহৰ পৰা এই চিকিৎসক দম্পতীয়ে তোলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল । তাৰ পিছত উচিত প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োগৰাকীকে।

Category