শুকুৰবাৰে সন্ধিয়া শিলচৰ NIT ত ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NIT ৰ তৃতীয় বৰ্ষ তথা পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ কুচ বক্কৰে ৭ নম্বৰ হোষ্টেলৰ নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাৰ পিছতেই প্ৰতিষ্ঠানটোৰ ছাত্ৰ সমাজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
