শিলচৰ NITত ছাত্ৰৰ আত্মহত্যাক লৈ উত্তপ্ত পৰিস্থিতি! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চাৰ্জ, আঘাতপ্ৰাপ্ত প্ৰায় ৩০ জন শিক্ষাৰ্থী.....

nit

শুকুৰবাৰে সন্ধিয়া শিলচৰ NIT ত ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NIT ৰ তৃতীয় বৰ্ষ তথা পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ কুচ বক্কৰে ৭ নম্বৰ হোষ্টেলৰ নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাৰ পিছতেই  প্ৰতিষ্ঠানটোৰ ছাত্ৰ সমাজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

nit

ছাত্ৰজনৰ আত্মহত্যাৰ পিছতে NIT চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু লগতে NITৰ Dean অধ্যাপক বি কে ৰয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে শিক্ষাৰ্থীসকলে। অধ্যাপক বি কে ৰয়ে ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে NIT ৰ শিক্ষাৰ্থীসকলে। লগতে, NITৰ Dean ৰয়ৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শিক্ষাৰ্থীসকলে। শিক্ষাৰ্থীসকলৰ অভিযোগ, Dean ৰয়ৰ গাফিলতিৰ বাবেই কুচ বক্কৰে আত্মহত্যা কৰিছে।

nit

জানিব পৰা মতে, মৃত ছাত্ৰজনৰ কেইবাটাও বিষয়ত বেকলগ আছিল। শৈক্ষিক পঞ্জীয়ন বাতিল হোৱাৰো উপক্ৰম হৈছিল। এতিয়া ডীন বি কে ৰয়ে অহেতুক পথৰ ব্যৱস্থা লোৱাৰো অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে,  NIT শিলচৰৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সহকৰ্মীৰ দুৰ্ভাগ্যজনক মৃত্যুত ক্ষোভ প্ৰকাশ কৰে আৰু একাংশ শিক্ষাৰ্থীয়ে দুগৰাকী অধ্যাপকৰ কোৱাৰ্টাৰ লণ্ডভণ্ড কৰাৰ উপৰিও চাৰিৰ পৰা পাঁচখন বাহন ভাঙি পেলায়। এই ঘটনাৰ পিছতেই কাছাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ হোষ্টেললৈ ঘূৰাই নিয়াৰ বাবে লাঠি চাৰ্জ কৰিব লগা হৈছিল, আৰু এই সময়ছোৱাত প্ৰায় ৩০ জন শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছিল। বৰ্তমান কাছাৰৰ SP নোমল মহত্তই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।

nit

মন কৰিবলগীয়া যে, কাছাৰ আৰক্ষীয়ে শিক্ষানুষ্ঠানৰ চৌহদৰ পেট্ৰলিঙৰ বাবে এটা কোম্পানী মোতায়েন কৰিছে। কাছাৰৰ SPএ জনায় যে, NIT শিলচৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আৰু আৰক্ষীয়েও আইনৰ আওতাৰ ভিতৰত সকলো কাম কৰিব। NIT শিলচৰ আজি বন্ধ থাকিব।
 

Category
Profile picture for user UB Photos