1ST President

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ আজি ১৩৮ সংখ্যক জন্মতিথি। প্ৰাক্তন ৰাষ্ট্ৰপতিক সুৱৰি অল ইণ্ডিয়া ৰেডিঅ’ৰ বিশেষ আয়োজন। আজি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ স্মৃতি বক্তৃতাৰ বাৰ্ষিক সংস্কৰণ সম্প্ৰচাৰ কৰিব অল ইণ্ডিয়া ৰেডিঅ’ই। এইবাৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিশা ৯.৩০ বজাৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ৰ সমগ্ৰ নেটৱৰ্কত সম্প্ৰচাৰিত ভাষণ প্ৰদান কৰিব বুলি শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে চৰকাৰক অৱগত কৰে। শ্ৰোতাসকলে অল ইণ্ডিয়া ৰেডিঅ’ৰ প্ৰাথমিক চেনেল, ১০০.১ এফ এম গোল্ড, ১০২.৬ এফ এম ৰামধেনু, আৰু অনলাইন প্ৰৱেশৰ বাবে @airnewsalerts টুইটাৰ, নিউজ অন এয়াৰ অফিচিয়েল ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপত টিউন কৰিব পাৰিব।