Birth Anniversary

দেশৰ দশম প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক ৯৯ সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুৱৰিছে দেশবাসীয়ে। পুৱাৰে পৰা দিল্লীত থকা প্ৰয়াত বাজপেয়ীৰ স্মৃতিস্থল ‘সদেইব অটল’ত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক শ্ৰদ্ধাৰ্ঘ অৰ্পন কৰে বিভিন্নজনে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজো গণ্য–মান্য ব্যক্তিয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯২৪ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী এগৰাকী ৰাজনীতিবিদ হোৱাৰ লগতে এজন উচ্চমানৰ কবিও আছিল।