PMOIndia

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ বিশেষভাৱে জাৰি কৰা হৈছে পথ নিৰ্দেশনা। যান-বাহন চলাচলত শনিবাৰ-দেওবাৰৰ বাবে নতুন নিৰ্দেশনা।

উল্লেখযোগ্য যে, ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া, বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ গধুৰ বাহন চলাচলত নিষেধাজ্ঞা লগতে দেওবাৰে ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা।

আনহাতে, জি এছ ৰোড, পাঞ্জাবাৰী, বি বৰুৱা ৰোডতো নিষেধাজ্ঞা জাৰি কৰাৰ লগতে GNB ৰোড, MG ৰোড, DG ৰোড, AT ৰোডতো নিষেধাজ্ঞা।