প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ যান-বাহন চলাচলত নতুন নিৰ্দেশনা! ক'ত কেনেকৈ নিৰ্দেশনা জাৰি?.......

modi

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ বিশেষভাৱে জাৰি কৰা হৈছে পথ নিৰ্দেশনা। যান-বাহন চলাচলত শনিবাৰ-দেওবাৰৰ বাবে নতুন নিৰ্দেশনা।

উল্লেখযোগ্য যে, ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া, বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ গধুৰ বাহন চলাচলত নিষেধাজ্ঞা লগতে দেওবাৰে ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা।

আনহাতে, জি এছ ৰোড, পাঞ্জাবাৰী, বি বৰুৱা ৰোডতো নিষেধাজ্ঞা জাৰি কৰাৰ লগতে GNB ৰোড, MG ৰোড, DG ৰোড, AT ৰোডতো নিষেধাজ্ঞা।

দেওবাৰৰ দিনা বন্ধ থাকিব বেলতলা বজাৰ। বেলতলা বজাৰ ৰোড, বেলতলা-বশিষ্ঠ ৰোডতো নিৰ্দেশনা। দেওবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব বেলতলা-বশিষ্ঠ ৰোড। যান-বাহনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চলিব ASTC, চিটী বাছ। জৰুৰীকালীন বাহনৰ চলাচলৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা-নিষেধ।

Category
Profile picture for user UB Photos