ল'ৰাসকল সাৱধান! ছোৱালী জোকোৱাৰ বাবেই হত্যা এজন যুৱকৰ, ক'ত এই ঘটনা?....

nagaon

নগাঁৱৰ কন্দলীত সংঘটিত এক নৃশংস হত্যাকাণ্ড। ছোৱালী জোকোৱাক লৈ এজন যুৱকক হত্যা কৰে দুই অভিযুক্তই। নিহত যুৱকজনৰ নাম কমল দেউৰী বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে, মৃত কমলক হত্যা কৰাৰ অভিযোগ দুজন লোকৰ বিৰুদ্ধে। অজিত তাঁতী, কাৰ্তিক তাঁতীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। 

জানিব পৰা মতে, বুধবাৰে ছোৱালী জোকোৱাক লৈ সংঘটিত হৈছিল এই ঘটনা। ছোৱালী জোকোৱাৰ বাবেই কমল দেউৰী নামৰ যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰে অজিত তাঁতী আৰু কাৰ্তিক তাঁতীয়ে।

তাৰ পিছতে চিকিৎসালয় চিকিৎসাধীন অৱস্থাত আছিল কমল দেউৰী। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰ গৈ নাপালে কমল দেউৰী। বাগানৰ মাজত ৰহস্যজনভাৱে উদ্ধাৰ দেউৰীৰ মৃতদেহ।

পৰিয়ালৰ অভিযোগ অনুসৰি হত্যা কৰি বাগানৰ মাজত পেলাই থৈ গৈছিল কমল দেউৰীক। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
 

Category