Health Tips

মানুহৰ চকুহালে বহু কথা কয়, গতিকে সেই মৰম লগা চকুহাল সুস্থ কৰি ৰখাটো আমাৰ সকলোৰে বাবে দৰকাৰী। চকু হৈছে মানৱ দেহৰ অতি সংবেদনশীল অংগ। দৈনন্দিন জীবনত দৃষ্টিশক্তি সঠিক ৰাখিবলৈ কিছুমান প্রয়োজনীয় খাদ্য খোৱা আৱশ্যক।

উল্লেখ্য যে, দৃষ্টিশক্তি ভালে ৰাখিবলৈ আমি আমাৰ দৈনন্দিন জীৱনত ভিটামিন এ, চি, ই আৰু লুটেইন সমৃদ্ধ খাদ্য খোৱা উচিত। 

গতিকে, দৃষ্টিশক্তি বঢ়াবলৈ এইবোৰ ড্ৰাইফুড খাওক: 

কাজু বাদাম: কাজু বাদামত প্ৰচুৰ পৰিমাণে জিংক আৰু লুটেইন থাকে। বয়স বৃদ্ধিৰ লগে লগে চকুত ছানি পৰে। কাজু বাদামে চকুৰ ছানি পৰাৰ পৰা সুৰক্ষা দিয়ে।