ডায়েট বা জিম নোযোৱাকৈ আপুনিও ক্ষীণ হ'ব বিচাৰে নেকি? তেন্তে এই কেইটা সহজ উপায় মানি চলক.....

diet

বৰ্তমান প্ৰায় ভাগ মানুহেই জিম বা ডায়েট নকৰাকৈয়ে শৰীৰৰ ওজন হ্ৰাস কৰিব বিচাৰে। কিন্তু যিমান কষ্ট কৰিলেও ওজন কমোৱাটো ইমান সহজ নহয় । গতিকে, আজি জানো আহক কেনেকৈ কমাব শৰীৰৰ ওজন? 

উল্লেখ্য যে, দৈনিক খাদ্যৰ তালিকাত প্ৰটিন আৰু আঁহযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। প্ৰটিন আৰু আঁহযুক্ত খাদ্যই বিপাকীয় হাৰ বৃদ্ধি কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে ।আনহাতে, ঘৰতে বনোৱা যিকোনো খাদ্য খালে ওজন কমাব পাৰি। কেৱল ঘৰত ৰন্ধা খাদ্যত তেল, নিমখ, চেনি কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। 

ইয়াৰ উপৰিও কেইটা উপায় জানি লওক...

১. দৈ, আচাৰ আদি প্ৰ’বায়’টিক খাদ্য খাব লাগে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে। ।

২. ওজন কমাবলৈ টোপনিৰ প্ৰয়োজন। অনিদ্ৰাৰ ফলত মেদবহুলতা, ডায়েবেটিছ আদি সমস্যাৰ সৃষ্টি হয়। সঠিক শৰীৰৰ ওজন বজাই ৰাখিবলৈ নিশা কমেও ৭-৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন।

৩. মানসিক চাপ কমাব। মানসিক চাপ বাঢ়িলে শৰীৰৰ হৰম’নৰ ভাৰসাম্য হেৰাই যায়। ইয়াৰ ফলত প্ৰায়ে ওজন বৃদ্ধি পায়। 

৪. ওজন কম কৰিবলৈ কম খাদ্য খোৱাৰ ভুল নকৰিব। শৰীৰত পুষ্টিৰ অভাৱ হ’লে ওজন হ্ৰাস কৰাত কঠিন হৈ পৰে। শৰীৰৰ পুষ্টিৰ প্ৰয়োজনীয়তা সৃষ্টি হ’লে ওজন কমি নাযায়। কিন্তু ইয়াৰ বিপৰীতে শাৰীৰিক সমস্যা বাঢ়িব।

৫. প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে ওজন কমাবলৈ বহুত সহজ হৈ পৰে। কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

Category