শুকান নে কেচাঁ আদা! দুয়োটাৰ ভিতৰত শৰীৰৰ বাবে কোনটো অতিকৈ উপযোগী, জানো আহক.....

ginger

ভাৰতৰ ৰন্ধন প্ৰক্ৰিয়াৰ লগতে সকলোৰে প্ৰিয় চাহ কাপতো অধিক মাত্ৰাত আদাৰ ব্যৱহাৰ কৰা হয়। আদাৰ সোৱাদ আৰু সুগন্ধিয়ে সকলোৰে মন মোহীত কৰে। চিকিৎসা বিজ্ঞানৰ মতে আদা আমাৰ শৰীৰৰ বাবে অতিকৈ উপযোগী।

শুকান নে কেচাঁ আদা!

আদাত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়। বহু সময়ত বহুতৰে মনলৈ হয়তো প্ৰশ্ন আহে যে, আমাৰ শৰীৰৰ বাবে শুকান নে কেচাঁ আদা উপযোগী?

কেচাঁ আদা -  কেচাঁ আদা বজাৰসমূহত সহজতে পোৱা যায়। ইয়াক ৰন্ধন প্ৰক্ৰিয়াৰ লগতে চাহৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ সোৱাদ আৰু সুগন্ধি যথেষ্ট প্ৰবল।সতেজ আদাত জিঞ্জাৰল নামৰ এক সক্ৰিয় যৌগ পোৱা যায়। ইয়াত পানীৰ পৰিমাণ বেছি থাকে। যিয়ে শৰীৰক বিষমুক্ত কৰি ভালদৰে কাম কৰাত সহায় কৰে। কেচাঁ আদাই পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বমি বন্ধ কৰাত, চৰ্দি আৰু ফ্লু'ৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

শুকান আদা - কেচাঁ আদাক সৰু সৰুকৈ কাটি শুকান আদাৰ ৰূপ দিয়া হয়, পিছত ইয়াক গুৰি কৰি ব্যৱহাৰ কৰা হয়। শুকান আদাৰ এন্টিঅক্সিডেন্ট গুণ থকাৰ বাবে। আঁঠুৰ বিষ আৰু বাতবিষত ব্যৱহাৰ কৰে। শুকান আদাও হজম শক্তি বৃদ্ধি কৰাৰ লগতে।শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ নিবাৰণত সহায় কৰে। 

চিকিৎসকৰ মতে, সতেজ আৰু শুকান আদা দুয়োটাই স্বাস্থ্যৰ বাবে অতি উপকাৰি বুলি বিবেচিত হৈছে। এনে পৰিস্থিত দুয়োটাৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি।


এয়া কেৱল আপোনাৰ জ্ঞানৰ বাবেহে। যিকোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'লে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওঁক। 

Category