আপোনাৰো প্ৰিয় ষ্ট্ৰীট ফুড ম'ম' নেকি? যদি হয়, তেন্তে খোৱাৰ পূৰ্বে হওঁক সাৱধান.....

dumplings

বৰ্তমান প্ৰায় সকলোৰে ষ্ট্ৰীট ফুডসমূহ প্ৰিয় খাদ্যৰ তালিকাত অন্তভুক্ত হৈ পৰিছে। আৰু  ম'ম' বেয়া পোৱা লোকৰ সংখ্যা প্ৰায় কম বুলি ক'লেও মিছা কোৱা নহ'ব। 

গৰম চুপ, মচলাযুক্ত চাটনিৰ সৈতে ম'ম' খোৱাৰ আমেজ সুকীয়া। কিন্তু বহুলোকৰ প্ৰিয় ম'ম' স্বাস্থ্যৰ বাবে একেবাৰে ভাল নহয়।

উল্লেখ্য যে, তেলেৰে ভাজি প্ৰস্তুত কৰা ষ্ট্ৰীট ফুডসমূহতকৈ ও ম'ম' বিসাক্ত। আমি ভাবো ম'ম'বোৰ উতলাই ৰখা হয়। গতিকে ই ষ্ট্ৰীট ফুড হ’লেও খোৱাৰ উপযোগী। কিন্তু সেয়া একেবাৰে নহয়, ম'ম' ভজা খাদ্যতকৈও অস্বাস্থ্যকৰ। বেছিভাগ ক্ষেত্ৰত নিম্ন মানৰ পাচলি আৰু মাংস ম'ম'ত ব্যৱহাৰ কৰা হয়। একাংশ অধ্যয়নৰ তথ্যানুসৰি বেছিভাগ চিকেন ম'ম'ত কোলাই বেক্টেৰিয়াৰ অৱস্থিতি পোৱা গৈছে।

মচলাযুক্ত ম'ম'ৰ চাটনিৰ সোৱাদ যিমানেই সুস্বাদু নহওক কিয়, ইয়াত ৰঙা জলকীয়া গুৰি থাকে। বেছিভাগ ক্ষেত্ৰত, নিম্ন মানৰ জলকীয়া গুৰি ব্যৱহাৰ কৰা হয়। গতিকে এই মচলাযুক্ত চাটনি বেছিকৈ খালে অৰ্শৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়।

আনহাতে, ম'ম'বোৰ ময়দাৰ পৰা তৈয়াৰ কৰা হয় আৰু বজাৰত ময়দা ভালে ৰাখিবলৈ বেঞ্জাইল পেৰোক্সাইডৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে অপকাৰী। 

Category