Bokakhat

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। ১৬ নৱেম্বৰৰ দিনা বোকাখাতত দিন-দুপৰতে এগৰাকী শিক্ষকক গুলীয়াই আহত কৰা অভিযুক্তক এনকাউন্টাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হোৱা অপৰাধীটোৰ নাম বাবু শইকীয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বোকাখাতৰ অগৰাতলীত সংঘটিত  আৰক্ষীৰ এনকাউণ্টাৰ। বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে। আনহাতে অপৰাধী বাবুৰ আক্ৰমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল।