এনকাউন্টাৰ! বোকাখাতত দিন-দুপৰতে শিক্ষকক গুলীয়াই আহত কৰা অভিযুক্তক এনকাউন্টাৰ.........

Encounter

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। ১৬ নৱেম্বৰৰ দিনা বোকাখাতত দিন-দুপৰতে এগৰাকী শিক্ষকক গুলীয়াই আহত কৰা অভিযুক্তক এনকাউন্টাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হোৱা অপৰাধীটোৰ নাম বাবু শইকীয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বোকাখাতৰ অগৰাতলীত সংঘটিত  আৰক্ষীৰ এনকাউণ্টাৰ। বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে। আনহাতে অপৰাধী বাবুৰ আক্ৰমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল।

উল্লেখ্য যে, বৃহস্পতিবাৰে এজন শিক্ষকলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল বাবু শইকীয়াই। গুলীবিদ্ধ শিক্ষকজন ডিফলু পথাৰ হাইস্কুলৰ শিক্ষক উদয় চাংমা বুলি জানিব পৰা গৈছিল। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে চলোৱা অভিযানত ধৰা কৰে বাবু শইকীয়া নামৰ অপৰাধীটো। আজি পুৱাৰ ভাগত ৰজাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাবুক।

আনহাতে আহত বাবু শইকীয়াক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰাৰ লগতে অধিক তথ্যৰ বাবে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos