Chatribari Murder Case

মহানগৰীত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ী অৱদেশ যাদৱৰ অৱশেষত মৃত্যু হৈছে। এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে। ঘটনাস্থলীৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে বাইকসহ বহু সন্দেহজনক সামগ্ৰী। জি পি সিঙে ঘটনা সন্দৰ্ভত নতুন ক্লুৰ সন্ধান পোৱা বুলিও জনাইছে।

পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰিছে। অৱদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে পল্টন বজাৰ আৰক্ষী থানাত 105/22 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে।