Education System

ব'ৰ্ড পৰীক্ষাৰ বাবে তৈয়াৰী কৰি থকা ছাত্ৰ–ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত এলানি পৰিৱৰ্তন আনিছে। 

এতিয়াৰে পৰা CBSE ব'ৰ্ড পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ'ব। লগতে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে এটাৰ পৰিৱৰ্তে দুটা ভাষাত অধ্যয়ন কৰিব লাগিব আৰু তাৰে এটা ভাৰতীয় ভাষা হ'ব লাগিব। 

বুধবাৰে কেন্দ্ৰই নতুন শিক্ষা নীতি অনুসৰি শিক্ষা ব্যৱস্থাত এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। শিক্ষা মন্ত্ৰালয়ৰ নতুন পাঠ্যক্ৰমৰ ফ্ৰেমৱৰ্ক অনুসৰি এইটো কাৰ্যকৰীহ'ব।