NIRF Rankings

প্ৰকাশ হ’ল নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক ২০২২ (NIRF)।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা। ১১টা কেটেগৰীৰ বাবে NIRF ৰেংকিং ঘোষণা কৰা হৈছে।

এই তালিকাত স্থান দখল কৰিছে অসমৰ আইআইটি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় শাখাত ৩৬সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়।

আনহাতে, ৫৯সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয়। আনহাতে, অভিযান্ত্ৰিক শাখাত সপ্তম স্থান দখল কৰিছে আইআইটি গুৱাহাটীয়ে।