Assam Municipal election 2022

২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনৰ বাবে অসম চৰকাৰৰ 'ড্ৰাই দে' ঘোষণা।

শেহতীয়া নিৰ্দেশ অনুসৰি, ২০ এপ্ৰিলৰ আবেলি ৪.৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪.৩০বজালৈ 'ড্ৰাই দে' থাকিব।

ইয়াৰ উপৰিও, ভোটগ্ৰহণ ক্ষেত্ৰৰ ভিতৰত থাকিলে পুনৰ ভোটগ্ৰহণৰ দিনসহ গণনাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ২৪এপ্ৰিলৰ গণনাৰ দিনা 'ড্ৰাই দে' থাকিব।