Dry Day

দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে জাৰি কৰা অনুসৰি বুধবাৰৰ সন্ধিয়া ৫-০০ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

অৱশ্যে, সমগ্ৰ ৰাজ্যৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হোৱা নাই। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱতহে প্ৰযোজ্য হ’ব নিৰ্দেশনা। কিয়নো এইকেইটা অঞ্চলতহে দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 

আজি সন্ধিয়া ৫-০০বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব বুলি আয়োগে নিৰ্দেশনাত উল্লেখ কৰে।